বিষয়বস্তুতে চলুন

বাংলা ৱিকি-সন্মিলন-২০২৬/জলপানি

উইকিমিডিয়া বাংলাদেশ থেকে
এই পাতাটি বাংলা উইকিসম্মেলন ২০২৬/বৃত্তি পাতার একটি অনূদিত সংস্করণ এবং অনুবাদ ৯৪% সম্পূর্ণ হয়েছে।
পুরাতন অনুবাদ এটির মত চিহ্নিত করা হয়েছে।
পর্যালোচনাধীন

বাংলা ৱিকি-সন্মিলন- ২০২৬/জলপানি

বৃত্তির আবেদন গ্ৰহণ সমাপ্ত হয়েছে, আবেদন পর্যালোচনা চলছে। পর্যালোচনা শেষে শীঘ্রই ফলাফল জানানো হবে।

বাংলা ৱিকি-সন্মিলন ২০২৬ৰ বাবে বাংলাদেশ, ভাৰত আৰু নেপালত বাস কৰা আগ্ৰহী ৱিকিমিডিয়ানৰ বাবে জলপানিৰ ব্যৱস্থা কৰা হৈছে। এই জলপানিৰ ভিতৰত ভ্ৰমণ বানচ আৰু সন্মিলনত থকা-খোৱাৰ ব্যৱস্থা কৰা হ’ব। আগ্ৰহী সকলোৱেই ইয়াৰ বাবে আবেদন কৰিব লাগিব। জলপানি লাভ কৰিলে সন্মিলনত অংশগ্ৰহণ কৰাৰ সুযোগ পাব। ভাৰত, বাংলাদেশ আৰু নেপালত ৱিকিমিডিয়ানসকলে নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত আবেদন কৰিব পাৰিব। সন্মিলনত স্থানীয় অৰ্থাৎ বাংলাদেশৰ ৪০গৰাকী আৰু আন্তৰ্জাতিক পৰ্যায়ৰ ১৫গৰাকী সদস্যক অন্তৰ্ভূক্ত কৰাৰ পৰিকল্পনা কৰা হৈছে যদিও ই চূড়ান্ত নহয়; পৰিৱেশ আৰু পৰিস্থিতি অনুসৰি আয়োজক সমিতিৰ সিদ্ধান্তসাপেক্ষে ইয়াৰ কিছু সালসলনিও হ’ব পাৰে।

জলপানিৰ বাবে প্ৰাথমিক অৰ্হতা

তলত উল্লেখ কৰা চৰ্তাৱলী পূৰণ কৰিব নোৱাৰিলে আবেদন পোনচাটেই নাকচ কৰা হ’ব।

  • ৱিকিমিডিয়া একাউণ্ট কমেও ছয়মাহৰ পুৰণি বা ১৯ ডিচেম্বৰ ২০২৫ বা তাৰ পূৰ্বে সৃষ্টি কৰা হ’ব লাগিব।
  • আবেদনকাৰীৰ গোলকীয় সম্পাদনা সংখ্যা অতি কমেও ২৫০ অতিক্ৰম কৰিব লাগিব।
  • আবেদনৰ সময়ত আবেদনকাৰীৰ একাউণ্ট কোনো প্ৰকল্পত অৱৰুদ্ধ হৈ থাকিব নালাগিব।

জলপানিৰ বাবে আবেদন কিদৰে কৰিব?

জলপানিৰ বাবে আপুনি নিৰ্দিষ্ট ফৰ্মখন পূৰাব লাগিব। ইয়াৰ বাবে আপোনাক ৩০ৰ পৰা ৪০ মিনিটৰ প্ৰয়োজন হ’ব। আবেদনত দাখিল কৰা তথ্যৰ ভিত্তিত জলপানিৰ বাবে নিৰ্দিষ্ট উপ-সমিতিৰ দ্বাৰা আপোনাৰ যোগ্যতা বিচাৰ কৰা হ’ব।

আবেদন প্ৰক্ৰিয়াটো সম্পূৰ্ণ কৰিবলৈ আপোনাৰ ব্যক্তিগত তথ্যৰ লগতে চাৰিটা বৰ্ণনামূলক প্ৰশ্নৰ উত্তৰ দিব লাগিব, যাৰ ওপৰত ভিত্তি কৰিয়েই আপোনাৰ জলপানিৰ যোগ্যতা বিচাৰ কৰা হ’ব৷ যিহেতু এই প্ৰশ্নসমূহৰ উত্তৰ বিস্তৃত হ’ব পাৰে, আবেদন পূৰোৱাৰ আগতেই প্ৰশ্নৰ উত্তৰসমূহ প্ৰস্তুত কৰি ৰাখিলে আপোনাৰ সুবিধা হ’ব বুলি ভবা হৈছে৷ আপোনাৰ উত্তৰসমূহ অধিক মান্যতা পাবলৈ বা আপোনাৰ বক্তব্যৰ সমৰ্থনত প্ৰাসংগিক লিংক সংযোগ কৰিব লাগিব৷ যেনে; এক্সটুলচ্, ৱিকিমিডিয়া আউটৰিচ ডেচবৰ্ড, ৱিকিমিডিয়া ডিফ ব্লগ, প্ৰকল্প পৃষ্ঠা, ফাউণ্টেইন সংলগ্ন এডিটাথনৰ পৃষ্ঠা আদি৷

প্ৰশ্নাৱলী
  • শেষৰ ২৪টা মাহত ৱিকি-আন্দোলনৰত আপোনাৰ সম্পৃক্ততা বিস্তাৰিতভাৱে লিখক৷ ইয়াত সম্পাদনাৰ পৰিমাণ, বিভিন্ন প্ৰকল্পত অৱদান, উল্লেখযোগ্য কাম, ভাল প্ৰবন্ধ, প্ৰযুক্তিগত অৱদান আদি৷
  • ৱিকি-সম্প্ৰদায়, ৱিকি-ক্লাৱ, ইউজাৰ গ্ৰুপ, আউটৰিচ কাৰ্যকলাপ, প্ৰতিযোগিতা, কৰ্মশালা, গ্লেম বা আন আন কাৰ্যসূচীত অফৱিকি অৱদান আৰু তাৰ প্ৰভাৱ৷
  • বাংলা ৱিকি-সন্মিলনত আপুনি যোগদান কৰিবলৈ কিয় ইচ্ছা কৰে? আপোনাৰ অংশগ্ৰহণে ৱিকিমিডিয়া আন্দোলনত কি প্ৰভাৱ পেলাব৷ সন্মিলনত আপুনি নতুন কি শিকিব খোজে? (আপোনাৰ উত্তৰ ৫/৬টি বাক্যৰ মাজতে ৰাখক৷)
  • সন্মিলনৰ শেষত আপোনাৰ আৰ্জিত অভিজ্ঞতা কেনেকৈ কামত খটুৱাব? এই বিষয়ে ৩/৪ টা কৰ্মপৰিকল্পনা ডাঙি ধৰক৷

মনত ৰাখিব, আপুনি পূৰোৱা ফৰ্মখন অসমাপ্ত অৱস্থাত সংৰক্ষণ কৰি ৰাখি চূড়ান্তভাৱে জমা দিয়াৰ আগতে পৃষ্ঠাৰ তলত থকা পূৰ্বৰ বুটামত ক্লিক কৰি উত্তৰসমূহ পুনৰীক্ষণ বা পৰিৱৰ্তন কৰি জমা দিব পাৰিব।

আবেদন সংৰক্ষণ কৰাৰ নিয়ম
  1. পৃষ্ঠাৰ ওপৰত থকা মিটবল মেনু ()ত ক্লিক কৰি পিছত আকৌ আৰম্ভ কৰক অপচনটো বাছি সাঁচি থওক। (ইয়াৰ বাবে আপোনাৰ নাম। ইমেইল ঠিকনা আৰু পাছৱৰ্ডৰ প্ৰয়োজন হ’ব)।
  2. পিছত এই আবেদনখন পুনৰ আৰম্ভ কৰিবলৈ হ’লে আবেদনৰ প্ৰথম পৃষ্ঠাৰ মিটবল মেনুৰ পৰা অসমাপ্ত সমীক্ষা লোড কৰকত ক্লিক কৰক।

মূল্যায়ন পদ্ধতি

যোগ্য আবেদনসমূহ উপ-সমিতিৰ সদস্যৰ দ্বাৰা বিভাগ অনুযায়ী পৃথকভাৱে মূল্যায়ন কৰা হ’ব। মূল্যায়নৰ সময়ত তলৰ বিষয়বোৰ বিবেচনা কৰা হ’ব।

  • ৱিকিমিডিয়া প্ৰকল্পসমূহত অৱদান
  • ৱিকি-সম্প্ৰদায় আৰু ৱিকি-সম্প্ৰদায়ৰ বাহিৰৰ কাৰ্যক্ৰম
  • সন্মিলনত অংশগ্ৰহণৰ উদ্দেশ্য
  • ভৱিষ্যৎ পৰিকল্পনা

স্বজন-প্ৰীতি এৰাবলৈ জলপানি নিৰ্বাচন উপ-সমিতিয়ে আবেদনসমূহ মূল আয়োজক সমিতিৰ দ্বাৰা পুনৰীক্ষণ কৰিব। দুই বা ততোধিক আবেদনকাৰীৰ প্ৰাপ্ত নম্বৰ সমান হ’লে ক্ৰমে অন-ৱিকি, অফ-ৱিকি অৱদান আৰু ভৱিষ্যৎ পৰিকল্পনাৰ নম্বৰ ক্ৰমানুসাৰে বিবেচনা কৰা হ’ব। সদস্য নিৰ্বাচনৰ ক্ষেত্ৰত মূল আয়োজক সমিতিৰ বিশেষ কৰ্তৃত্ব থাকিব।

জলপানিপ্ৰাপ্তসকলৰ সম্পৃক্ততা

বাংলা ৱিকি-সন্মিলনত আপুনি স্বেচ্ছাসেৱক হিচাপে নিযুক্ত হ’ব বিচাৰে নেকি? আপোনাৰ আগ্ৰহ থাকিলে প্ৰয়োজন আৰু সক্ষমতাৰ ভিত্তিত নিৰ্বাচিত কৰা হ’ব পাৰে। স্বেচ্ছাসৱক নিৰ্বাচিত হ’লে যথোপযুক্তভাবে দায়িত্ব পালন কৰাৰ প্ৰত্যাশা থাকিব। এনেধৰণৰ আগ্ৰহ আৰু অংশগ্ৰহণৰ অভিজ্ঞতাই ভৱিষ্যতে অন্য জলপানি পোৱাৰ ক্ষেত্ৰত বা অন্যান্য সুযোগৰ আবেদনৰ মূল্যায়নৰ ক্ষেত্ৰত সহায় হ’ব পাৰে।

তদুপৰি, জলপানিপ্ৰাপ্তসকলে তেওঁলোকৰ আৰ্জিত অভিজ্ঞতা সম্প্ৰদায় তথা বিভিন্ন সামাজিক মাধ্যমযোগে ভাগ-বাটোৱাৰা কৰিলে প্ৰশংসিত হ’ব।

জলপানি প্ৰাপ্ত কোনো সদস্যই এই সুযোগ গ্ৰহণ কৰাত অসমৰ্থ হ’লে অপেক্ষামান তালিকাৰ পৰা সদস্য নিৰ্বাচন কৰা হ’ব।

আনুসংগিক তথ্য

কোনে আবেদন কৰিব পাৰিব?

প্ৰাথমিক যোগ্যতা পূৰণ কৰিব পৰা সকলো ৱিকিমিডিয়ানে জলপানিৰ বাবে আবেদন কৰিব পাৰিব।

জলপানিৰ বাবে কেতিয়া আবেদনৰ আৰম্ভ আৰু শেষ হ’ব?

বাংলাদেশৰ সময়মতে ১৯ জুন ২০২৬ৰ পৰা ১৯ জুলাই ২০২৬লৈ।

নিৰ্ধাৰিত সময়সীমাৰ পিছত আবেদন কৰিব পৰা যাবনে?

নোৱাৰিব। চূড়ান্ত সিদ্ধান্ত ফলাফল নিৰ্দিষ্ট সময়ত প্ৰকাশ কৰাৰ লক্ষ্যৰে চূড়ান্ত সময়সীমাৰ দুই-এদিন আগতেই প্ৰপত্ৰ জমা দিয়াৰহে পৰামৰ্শ দিওঁ।

জলপানিৰ বাবে আবেদনৰ কাৰ্যপৰিকল্পনা কি?

সাধাৰণভাবে, আমি আশা কৰোঁ আবেদনৰ বাবে তলৰ ঢাপসমূহ অনুসৰণ কৰিব:

  1. নিৰ্দিষ্ট প্ৰপত্ৰৰ মাধ্যমেৰেহে আবেদনপত্ৰ জমা দিব।
  2. জলপানি-প্ৰদান উপ-সমিতিয়ে প্ৰাথমিক অৰ্হতা পৰীক্ষা কৰি আবেদনসমূহ মূল্যায়ন কৰিব।
  3. প্ৰাপ্ত নম্বৰৰ ভিত্তিত আবেদনকাৰীৰ চূড়ান্ত তালিকা গ্ৰহণ কৰি সিদ্ধান্তত উপনীত হ’ব।
  4. জলপানিপ্ৰাপ্তসকলক তেওঁলোকৰ প্ৰাপ্তিৰ কথা জনোৱা হ’ব আৰু ভ্ৰমণ আৰু আবাসিক ব্যৱস্থাৰ প্ৰয়োজনীয় তথ্য বিচৰা হ’ব।
  5. আয়োজক সমিতিৰ ফালৰ পৰা যাতায়াত ব্যয় আৰু আবাসিক ব্যয় বহন কৰাটো নিশ্চিত কৰা হ’ব।

জলপানিৰ আবেদন পৰ্যালোচনা প্ৰক্ৰিয়াৰ সময়সীমা।

  • ২০ জুলাই - ২৯ জুলাই: আবেদন পর্যালোচনা